Monthly Archives: November 2011

সোণৰ অসম গঢ়াৰ সপোন


আমি নতুন প্ৰজন্ম , আমাৰটো একো কৰ্তব্য নাই

আছে জানো আমাৰ কিবা দায়িত্ব,

দায়িত্ব এই দেশৰ বাবে,

এক সোণৰ অসম গঢ়াৰ বাবে ।

আমি আহিছো দুৰলৈ অসমৰ আশীৰ্বাদ লৈ,

আহিছো সেই সোণৰ দেশৰ হকে কিবা কৰিবলৈ।

কিন্ত আহি কিয় পাহৰিব খোজো সেই আশীৰ্বাদৰ কৃপা,

কিয় পাহৰি যাও সেই দেশৰ লীলা মহিমা।

 

এক অচিন দেশৰ গগণচুম্বি অট্তালিকা দেখি

কিয় পাহৰো নিজ দেশৰ নানা গৃহহীন নৰ-নাৰী।

লগ পাই নানা দেশৰ লগৰীয়া,

কিয় পাহৰো সেই নিজ দেশৰ আপোন সম্বন্ধীয়া।

দেখি অইন দেশৰ শান্তি আৰু বিকাশ,

কিয় পাহৰো নিজ দেশৰ হিংস্ৰ বিনাশ।

উপলব্ধি কৰি অইন দেশৰ নিৰাপদ নিশা,

কিয় পাহৰো নিজ দেশৰ বিভীষিকাময় নিশা।

দেখি অইন দেশৰ সুখ আৰু সমৃদ্ধি,

কিয় পাহৰো নিজ দেশৰ সমস্যাৰ ৰচনাৱলী।

দেখি এই দেশৰ সুচল অৰ্থব্যৱস্হাক,

কিয় পাহৰো নিজ দেশৰ অনন্তৰ দুৰবস্হাক।

 

পাহৰিম বুলিয়ে যানো সকলো পাহৰিব পাৰি,

নভবাকৈ  জানো সোণৰ অসম গঢ়িব পাৰি।

যদি আমিয়ে নাভাবো সেই নিজ দেশলৈ,

আনে জানো ভাবিব সেই দূৰ দেশলৈ।

নকও মই সকলোকে ঘূৰি যাবলৈ

কিন্ত বিচাৰো সকলোকে এবাৰ মাথো ভাবিবলৈ।

 

Advertisements